৫৯ তম প্ৰতিষ্ঠা দিৱস
শ্ৰদ্ধাৰ শ্ৰমিক বন্ধু / বান্ধৱী সকল,
আজি ইণ্ডিয়ান অইল ৱাৰ্কাৰ্চ ইউনিয়নৰ ৫৯ তম প্ৰতিষ্ঠা দিৱস। এই শুভ ক্ষণত আপোনালোক সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে জ্ঞাত যে সম্প্ৰতি অসমৰ লগতে সমগ্ৰ বিশ্ব ক'ভিড ১৯ মহামাৰীৰ কবলত। সেই হেতুকে আমি ইচ্ছা থকা সত্বেও প্ৰতিষ্ঠা দিৱসটি বিস্তৃত কাৰ্য্যসূচীৰে পালন কৰাৰ পৰা বিৰত থাকি কেৱল পতাকা উত্তোলন কাৰ্যসূচীৰেই সামৰিবলগীয়া হৈছে। আমি আশা ৰাখিছো যে আপোনালোক সকলোৱে এই জটিল সন্ধিক্ষণত নিজৰ লগতে পৰিয়ালৰো সুৰক্ষা সুনিশ্চিত কৰি এই দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। স্বীকৃতি প্ৰাপ্ত ইউনিয়ন হিচাপে আমি শ্ৰমিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে আমাৰ কৰণীয়খিনি নিস্বাৰ্থ ভাৱে কৰি গৈছো। আপোনালোকৰ সু-দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা আমাৰ একান্তই কাম্য। আজি প্ৰতিষ্ঠা দিৱসৰ এই পবিত্র দিনটোত আমি সকলোৱে উদ্যোগটোৰ সৰ্বাঙ্গীন উন্নতিৰ স্বাৰ্থত, শ্ৰমিকৰ সুৰক্ষাৰ স্বাৰ্থত একেলগে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হওঁ আহক।
ইণ্ডিয়ান অইল ৱাৰ্কাৰ্চ ইউনিয়ন জিন্দাবাদ,
শ্ৰমিক ঐক্য জিন্দাবাদ
শ্ৰমিক ঐক্য জিন্দাবাদ
ধন্যবাদেৰে-
ৰাজীৱ দিহিঙ্গীয়া
সভাপতি
ইণ্ডিয়ান অইল ৱাৰ্কাৰ্চ ইউনিয়ন।
ৰাজীৱ দিহিঙ্গীয়া
সভাপতি
ইণ্ডিয়ান অইল ৱাৰ্কাৰ্চ ইউনিয়ন।
0 Comments